উৰি ফুৰা পক্ষী জনীৰ
ডেউকা ভাগি গ'ল!
ফুলনিৰ ফুলপাহ মৰহি গল,
জেঠৰে কঠিয়া বৰষুণৰ
অপেক্ষাত ক্লান্ত হ'ল।
সময় সলনি হৈ গল,
মনৰ বেজাৰ বোৰ গধুলিহে
আঁতৰাব লগা হল।
উৰি ফুৰা পক্ষী জনীৰ
ডেউকা ভাগি গল!
ফাগুনৰ বতাহৰ সতে
পাখিবোৰ হেৰাই গল।
আকাশত তৰা হৈ থমকি ৰ'ল।
❦
Redirecting to Home...
Sahitya Sristi