পাইন গছৰ ছাঁত
জীৱনৰ প্ৰথমটো পুৱাৰ
পাতনি মেলি
গীতৰ সপোন সজাই
আহিলা জুবিন তুমি,
সংগীতক নতুন ৰূপে সজাই।
কীবৰ্ড, গিটাৰ, তবলা —
আৰু ক'ত যে তোমাৰ
সুৰৰ সাৰথি ,
গায়ক, সংগীতকাৰ, গীতিকাৰ, পৰিচালক ,
বাদ্যযন্ত্ৰৰ যাদুকৰ তুমি,
সংগীতক দিলা চিনাকি নতুন ।
"অনামিকা" ৰে জীৱন জুৰি
আধুনিক অসমীয়া সংগীতৰ
বিনন্দিয়া যাত্ৰাত
সুৰেৰে জগত জিনি
বকুৱে বুকুৱে সাজিলা
তোমাৰ আপোন ঘৰ ।
বাংলা ছবি 'শুধু'ৰে
শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা
লভিলা
২০১৪ চনৰ ৰেনেছা অসম বঁটাৰেওঁ,
নিজক ধন্য কৰিলা ।
"ইয়া আলি"ৰ সুৰেৰে মুহি
বিশ্ব জনতাৰ প্ৰাণ
অসমীয়া, হিন্দী, বঙালী, নেপালী
সকলোতে ৰাখিলা মান।
অসমৰ হাৰ্টথ্ৰ’ব তুমি,
"লুইতৰ কণ্ঠ" তোমাৰ নাম,
হামিং সম্ৰাট, শিল্পীৰ ৰত্ন,
তুমি গায়ক মহান।
১৯ ছেপ্তেম্বৰৰ অকাল ক্ষণতে,
আন্ধাৰে ঢাকিলে আকাশ,
সংগীত জগতৰ
তৰা এটি মচি
সাগৰো হৈ ৰ'ল উদাস।
আজি শূন্য জননীৰ কোলা
আকাশ মাটি জুৰি
শোকৰ বন্যা
ৰুষ্ট পাহাৰ, অৰণ্য, নদী- নলা
এয়া তোমাৰ শেষ যাত্ৰা নহয়
জুবিন!
তোমাৰ নামেৰে আজি
জাতি বন্দিত
যুগমীয়া সুৰৰ যাদু
গীত মাধুৰীৰে
অমৰ হৈ ৰ'বা চিৰকাল
জাতিক কৰি উজ্জীৱিত l
জুবিন গাৰ্গ
❦