বাৰিষাত বর্ষা তুমি আহিবা বুলি মই ৰৈ আছোঁ, তোমাৰ বাবে..
বৰষুণজাকেও বৰকৈ মনত পেলাই
অ' তোমালৈ বর্ষা, সঁচাকৈ তুমি অহিবানে?
বিশ্বাস ৰাখক মই আহিম, মই অহাৰ কথা কোনেও নাজানে....
কলা ডাৱৰ ভাগি হ'লেও
আঁহিম নতুন প্রভাতৰ জয় গান গোৱাবলৈ..
তুমি বাৰু সুখীনে এতিয়া?মই আহি আছো..
গছ-গছনি, ব'ণ-লতাই, নাচি বাগি উৎফুল্লিত হৈ যাব..
কৃষকে মনৰ আনন্দৰে সোণোৱালী সপোন ৰচিব হাতত ল'ব নাঙল তুলি...
সবল সতেজ বলধ গৰু হাল লৈ হালখন যোৰোগৈ বুলি...
কৱনীয়ে মেখেলা কোঁচাই নামিল বোকাত,
কঠিয়া ৰুই ৰুই বৰষুণত তিতি বোকা খুচি খুচি থাকে মিলি-জুলি।
❦