⚠️

Switch Language?

Redirecting to Home...

×
Sahitya Sristi Logo
Comments
×
💬
Loading...
আধৰুৱা চিঠি
Facebook
Follow
YouTube
Subscribe

আধৰুৱা চিঠি

আজি কেইবাদিনো ধৰি একেৰাহে বৰষুণ দি আছে। টিনৰ চালত পৰা বৰষুণৰ টোপালবোৰৰ শব্দই এক অদ্ভুত বিষাদৰ সুৰ বজাইছে। খিৰিকীৰ কাষত থকা পুৰণি কাঠৰ চকীখনত বহি বাহিৰলৈ চাই আছিল হৰকান্ত বৰুৱা। বয়সৰ আঁচোৰে তেওঁৰ মুখত জীৱনৰ বহুতো কাহিনী আঁকি থৈ গৈছে, কিন্তু তেওঁৰ চকুযুৰিত এতিয়াও আছে এক গভীৰ অপেক্ষা। বৰষুণজাক দেখি তেওঁৰ মনটো হঠাতে পঞ্চাশ বছৰ পিছুৱাই গ'ল।

সেইদিনাও ঠিক এনেকুৱাই এজাক বৰষুণ আহিছিল। গাঁৱৰ বাহিৰৰ শিমলু জোপাৰ তলত তেওঁ আৰু ৰুনজুন ৰৈ আছিল। মনত আছিল হাজাৰ সপোন আৰু বুকুত আছিল অফুৰন্ত ভালপোৱা।

"মই যেতিয়া ডাঙৰ চাকৰি এটা পাম, তোমাক এই গাঁৱৰ পৰা লৈ যাম," হৰকান্তই ৰুনজুনৰ হাতত ধৰি কৈছিল। "এখন ধুনীয়া ঘৰ সাজিম, য'ত এনেকুৱা বৰষুণৰ দিনত আমি একেলগে বাৰান্দাত বহি চাহ খাম।"

ৰুনজুনে লাজুকীয়া হাঁহি এটাৰে উত্তৰ দিছিল, "মোক ডাঙৰ ঘৰ নালাগে । মাথোঁ আপুনি থাকিলেই হ'ব। কিন্তু কথা দিয়ক, মোক কেতিয়াও পাহৰি নাযায়।"

"পাগলী," হৰকান্তই তাইৰ চকুত চকু থৈ কৈছিল, "এই শিমলু গছজোপাই সাক্ষী, মোৰ উশাহ শেষ হ'লেও তোমাৰ স্মৃতি শেষ নহয়।"

কিন্তু জীৱন সদায় ভবাৰ দৰে নহয়। হৰকান্তই পঢ়া-শুনা শেষ কৰি চাকৰিৰ সন্ধানত চহৰলৈ আহিব লগা হ'ল। যোৱাৰ আগদিনা ৰাতি তেওঁ ৰুনজুনক লগ কৰিবলৈ গৈছিল। জোনাকৰ পোহৰত নৈৰ পাৰত দুয়ো বহু দেৰি নীৰৱে বহি ৰৈছিল। শব্দৰ প্ৰয়োজন নাছিল, চকুৱে চকুৱে সকলো কথা কৈ গৈছিল।

"মই সোনকালেই ঘূৰি আহিম," - হৰকান্তই কৈছিল।
"মই বাট চাম," - ৰুনজুনে চকুলো টুকিছিল।

চহৰলৈ আহি হৰকান্তই বহুত কষ্ট কৰিলে। দিন-ৰাতি একাকাৰ কৰি পঢ়া-শুনা আৰু সৰু-সুৰা কাম কৰি তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিলে। প্ৰতি সপ্তাহত তেওঁ ৰুনজুনলৈ চিঠি লিখিছিল। সেই চিঠিবোৰত তেওঁৰ কষ্ট, সপোন আৰু ৰুনজুনৰ প্ৰতি থকা ভালপোৱাৰ কথা লিখা আছিল। ৰুনজুনৰ উত্তৰবোৰ আছিল তেওঁৰ বাবে জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা।

এদিনাখন তেওঁ এটা ভাল চাকৰি পালে। মনটো আনন্দত নাচি উঠিল। তেওঁ ভাবিলে, এতিয়া আৰু চিন্তা নাই। ৰুনজুনক দিয়া কথা তেওঁ ৰাখিব পাৰিব। সেইদিনা ৰাতি তেওঁ এখন বিশেষ চিঠি লিখিবলৈ ল'লে। সেইখন সাধাৰণ চিঠি নাছিল, সেইখন আছিল তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিঠি।

তেওঁ লিখিলে,
"মোৰ মৰমৰ ৰুনজুন,
আশা কৰোঁ ভালে আছা। আজি মোৰ জীৱনৰ আটাইতকৈ সুখৰ দিন। মই এটা ভাল চাকৰি পাইছোঁ। এতিয়া আমাৰ সপোনবোৰ পূৰণ কৰাৰ সময় আহিছে। মই আৰু পলম কৰিব নোখোজোঁ। অহা মাহৰ পোন্ধৰ তাৰিখে মই গাঁৱলৈ যাম। দেউতাৰ লগত কথা পাতিম। তুমি মাথোঁ সাজু হৈ থাকিবা। আমাৰ সৰু ঘৰখনৰ কথা মনত আছে নে? সেই ঘৰখনত তুমি..."

চিঠিখন লিখি থাকোঁতেই হঠাতে দুৱাৰত কোনোবাই টুকুৰিয়ালে। গাঁৱৰ পৰা অহা তেওঁৰ সম্বন্ধীয় দাদাজন। তেওঁৰ মুখখন শুকান, চকু দুটা ৰঙা।

"কি হ'ল, ৰাতুলদা ? সকলো ঠিকেই আছে তো?" হৰকান্তই সুধিলে।

ৰাতুল দাদাই একো ক'ব নোৱাৰিলে। তেওঁ কান্ধত ওলোমাই অনা জোলোঙাটোৰ পৰা বোকা-পানী লগা এটা সৰু টিনৰ বাকচ আৰু এখন চিঠি হৰকান্তৰ মেজত থলে। চিঠিখন ৰুনজুনৰ দেউতাকে লিখিছিল। কঁপা কঁপা হাতেৰে হৰকান্তই চিঠিখন খুলিলে। তাত লিখা আছিল...

"বাবা হৰকান্ত, আমাৰ কপাল বেয়া। যোৱা সপ্তাহত গাঁৱত হোৱা বানপানীয়ে আমাৰ সৰু সংসাৰ উটুৱাই নিলে। পানী হঠাতে বাঢ়িল। সকলোৱে প্ৰাণ লৈ পলাল। ৰুনজুনেও পাৰিলেহেঁতেন... কিন্তু তাই উভতি গ'ল। তাইৰ প্ৰাণতকৈও আপোন, তোমাৰ চিঠিবোৰ সাঁচি থোৱা বাকচটো বচাবলৈ গৈ তাই আৰু ঘূৰি নাহিল।

তাইক আমি বচাব নোৱাৰিলোঁ, কিন্তু তাই বুকুৰ মাজত সাৱটি ধৰি থকা তোমাৰ চিঠিবোৰৰ বাকচটো আমি পানীৰ তলৰ পৰা উদ্ধাৰ কৰিলোঁ। মৃত্যুৰ সময়তো তাই তোমাৰ স্মৃতি বুকুৰ পৰা এৰি নিদিলে। এই বাকচটোৱেই এতিয়া তাইৰ শেষ চিন। সেয়েহে, তোমাৰ বস্তু তোমাকেই ঘূৰাই পঠালোঁ।"

হৰকান্তৰ হাতৰ পৰা চিঠিখন সৰি পৰিল। তেওঁৰ চকু গৈ মেজত থকা সেই বোকাপানী লগা বাকচটোত পৰিল। তেওঁৰ নিজৰেই লিখা চিঠিবোৰ এতিয়া তেওঁৰ ওচৰলৈ ঘূৰি আহিছে— কিন্তু ৰুনজুন নাহিল। তেওঁৰ আধৰুৱা চিঠিখন টেবুলৰ একাষে পৰি ৰ'ল। তেওঁৰ পৃথিৱীখন সেই মুহূৰ্ততে স্তব্ধ হৈ গ'ল।

বৰ্তমানলৈ ঘূৰি আহিল হৰকান্ত বৰুৱা। তেওঁৰ চকুৰ কোণেৰে দুটোপাল চকুলো নিগৰি আহিল। তেওঁ লাহে লাহে উঠিল আৰু টেবুলৰ ওপৰত থকা সেই পুৰণি, মামৰে ধৰা টিনৰ বাকচটোত হাত বুলালে। পঞ্চাশ বছৰ ধৰি এই বাকচটো আৰু তেওঁৰ সেই আধৰুৱা চিঠিখন তেওঁ সযতনে ৰাখি থৈছে।

বাকচটোৰ পৰা তেওঁ এখন পানীয়ে তিয়াই যোৱা, চিয়াহী মচ খোৱা চিঠি উলিয়ালে— যিখন তেওঁ বহুবছৰ আগতে ৰুনজুনলৈ লিখিছিল। আৰু তাৰ কাষতে থলে সেইখন চিঠি, যিখন তেওঁ কেতিয়াও পঠাব নোৱাৰিলে।

তেওঁ আধৰুৱা চিঠিখনৰ শেষৰ বাক্যটো পঢ়িলে, "সেই ঘৰখনত তুমি..."

এটা হুমুনিয়াহ কাঢ়ি তেওঁ নিজকে ক'লে, "সেই ঘৰখনত তুমি ৰাণী হৈ থাকিবা, ৰুনজুন। মই তোমাক দিয়া কথা ৰাখিব নোৱাৰিলোঁ।তোমাৰ শেষ স্মৃতি হিচাপে ৰৈ যোৱা এই চিঠিবোৰেই এতিয়া মোৰ জীৱনৰ লগৰী।"

বাহিৰত বৰষুণজাক তেতিয়াও পৰি আছিল। হৰকান্তই অনুভৱ কৰিলে, এই বৰষুণজাক মাথোঁ আকাশৰ পৰা অহা পানী নহয়, এয়া যেন পঞ্চাশ বছৰ ধৰি তেওঁৰ বুকুৰ মাজত গোট মাৰি থকা অপূৰ্ণ ভালপোৱাৰ চকুলো।

তেওঁ খিৰিকীৰে বাহিৰলৈ চালে। বৰষুণৰ টোপালবোৰৰ মাজেৰে তেওঁ যেন দেখিলে, শিমলু জোপাৰ তলত এতিয়াও কোনোবাই তেওঁলৈ বাট চাই আছে, বুকুৰ মাজত এটা টিনৰ বাকচ সাৱটি। তেওঁৰ ওঁঠ দুটা কঁপি উঠিল আৰু এটা অস্পষ্ট শব্দ বাহিৰ হৈ আহিল, "ৰুনজুন..."

গোটেই কোঠাটো হঠাতে নীৰৱ হৈ পৰিল, কেৱল টিনৰ চালত পৰা বৰষুণৰ টোপালবোৰৰ বিষাদৰ সুৰটো বাজি থাকিল... চিৰদিন, চিৰকালৰ বাবে।


Author's Note

ভালপোৱা সদায় প্ৰাপ্তিতেই সীমাৱদ্ধ নাথাকে; কেতিয়াবা বিৰহ, ত্যাগ আৰু স্মৃতিৰ মাজতো ই আজীৱন জীয়াই থাকে। হৰকান্ত আৰু ৰুনজুনৰ এই কাহিনীটো সেই অপূৰ্ণ অথচ গভীৰ প্ৰেমৰ এক অনুভৱ মাত্ৰ, যিয়ে আমাক সোঁৱৰাই দিয়ে যে কিছুমান সম্পৰ্ক সময় বা মৃত্যুৰ সিপাৰেও অমৰ হৈ ৰয়। গল্পটো পঢ়ি আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ। 

        এই গল্পটো আপোনালোকৰ কেনে লাগিল, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই লেখা-মেলাৰ এই জগতখনত একেবাৰে নতুন আৰু এয়া মোৰ এক প্ৰাৰম্ভিক প্ৰচেষ্টা। সেয়েহে গল্পটো লিখোঁতে যদি অজানিতে কিবা বানান ভুল বা বাক্য গঠনত ত্ৰুটি ৰৈ গৈছে, তেন্তে আপোনালোকে যেন আঙুলিয়াই দিয়ে। আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আৰু মন্তব্যই মোক আগলৈ নিজকে শুধৰাই আৰু ভালকৈ লিখিবলৈ অনুপ্ৰেৰণা যোগাব। 

Disclaimer: এই কাহিনী সম্পূৰ্ণৰূপে কাল্পনিক। ইয়াৰ চৰিত্ৰ, স্থান আৰু ঘটনাসমূহৰ সৈতে কোনো বাস্তৱ ব্যক্তি (জীৱিত বা মৃত) বা বাস্তৱ ঘটনাৰ কোনো সম্পৰ্ক নাই। কাহিনীৰ প্ৰয়োজনতহে এই চৰিত্ৰসমূহ সৃষ্টি কৰা হৈছে। যদি কাৰোবাৰ জীৱনৰ সৈতে ইয়াৰ কিবা সাদৃশ্য থাকে, তেন্তে সেয়া সম্পূৰ্ণৰূপে কাকতালীয় সংযোগহে।
 

Previous Post Next Post
  Content is Copyright Protected