⚠️

Switch Language?

Redirecting to Home...

×
Sahitya Sristi Logo
Comments
×
💬
Loading...
আমাৰ নতুন বছৰ
Facebook
Follow
YouTube
Subscribe

আমাৰ নতুন বছৰ


      অতীততে এসময়ত ব্ৰিটিছ সকলে বিশ্বৰ বহুতো দেশ নিজৰ অধীনলৈ আনি নিজ আধিপত্য স্থাপন কৰিছিল। তাৰে ভিতৰত আমাৰ দেশ ভাৰতবৰ্ষও অন্যতম। সেই তেতিয়াৰ পৰা আমাৰ দেশৰ ৰূপ ৰেখাও বহুত সলনি হৈ গৈছিল। কিছু ক্ষেত্ৰত ভাৰতবাসীৰ বাবে লাভদায়ক প্ৰভাৱ পৰিছিল। কিন্তু  ইংৰাজে লোৱা বেছিভাগ  সিদ্ধান্তয়ে আমাৰ পক্ষে বিপদ জনক বা হিতকাৰী নাছিল। সৰু এটি দিশৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ গহীন গম্ভীৰ দিশ আছে যত আমি ইতিহাসৰ পাতনি মেলি দিয়া কম শব্দৰ মাজেৰে সম্ভৱপৰ নহয় । গতিকে আহো আমি আজিৰ আচল বিষয় বস্তুলৈ।
 
    ‌   বৰ্তমান চৌদিশে কেৱল এতিয়া ইংৰাজী নৱবৰ্ষক আদিৰ লৈ অনাৰ প্ৰস্তুতি । কিন্তু আমি প্ৰতিজন ভাৰতবাসীয়ে জনা উচিত যে ভাৰতবৰ্ষৰ নানান ৰাজ্য বা অঞ্চলত আঞ্চলিক দিনপঞ্জীসমূহ সাধাৰণতে চন্দ্ৰ আৰু সূৰ্যৰ গতিৰ গণনাৰ আধাৰত দুই ধৰণে গণনা কৰা হয়। কিছুমান অঞ্চলত চন্দ্ৰ দিনপঞ্জী আধাৰত নতুন বছৰৰ আৰম্ভ আৰু অন্ত পৰে কিন্তু সচৰাচৰ গোটেই  ভাৰতবৰ্ষত সূৰ্যৰ দিনপঞ্জীৰ আধাৰ হিচাপে লৈ নতুন বছৰৰ আৰম্ভণি বহাগ মাহৰ ১ তাৰিখে হয়। অৰ্থাৎ ইংৰাজী কেলেণ্ডাৰ মতে ১৩ বা ১৪ এপ্ৰিল পৰে ।

      এতিয়া মূল কথা হয়। ইংৰাজৰ শাসনৰ সময়ত দি থৈ যোৱা প্ৰভাৱ বৰ্তমান সময়ৰ স্বাধীন ভাৰতৰ শিপাৰ পৰা আমি ওঘালি পেলাবলৈ সক্ষম হোৱা নাই। অথচ ভাৰতৰ ব্যৱসায় কৰাৰ মনসা দেখাই গোটেই ভাৰতবৰ্ষত শাসনৰ অধীনলৈ লৈ অহা ইষ্ট ইণ্ডিয়া কোম্পানীৰ বৰ্তমানৰ মালিক হেনো এজন ভাৰতীয়। গতিকে পশ্চিমীয়া সভ্যতা তুলনাত ভাৰতীয় বা হিন্দু সভ্যতা বহু গুণে শ্ৰেষ্ঠ বুলি আজি বিশ্বয়ে মানিবলৈ বাধ্য হৈছে। গতিকে আজি আমি শিক্ষিত যদিও মূৰ্খ। সেয়েহে আজি ইংৰাজী নৱবৰ্ষৰটো ধুমধামেৰে পালন কৰি অহাটো গোটেই ভাৰতৰ প্ৰথা বা পৰম্পৰাত পৰিগণিত হৈছে আৰু আমাৰ বিশ্বৰ ভিতৰতে পুৰণি আৰু মহান পৰম্পৰাৰ আধাৰত উল্লেখ হোৱা নতুন বছৰৰ আৰম্ভণি আজি ভাৰতৰ সাধাৰণ কিছুমান অঞ্চলৰ নতুন বছৰৰ আগমন মাথোঁ হৈ দিনে দিনে লুপ্ত হোৱাৰ সংকট চৌদিশে বিৰাজমান কৰিছে। গতিকে আপোনালোকৰ দৰে ইংৰাজী কেলেণ্ডাৰৰ আৰম্ভণি দিনটোকে অৰ্থাৎ জানুৱাৰী ১ তাৰিখৰ পৰা happy New year's বুলি সন্মোধন কৰিবলৈ বাধ্য হৈছোঁ ময়ো । আজি  আমি আমাৰ পূৰ্বজ সকলৰ বুদ্ধি হীনতাৰ ফল ভোগ কৰিছোঁ আৰু অহাকালি আমাৰ নৱপ্ৰজন্ময়ে আমাৰ কুফল লাভ কৰি যাবগৈ এয়াই কিন্তু নিশ্চিত ।
             

Previous Post Next Post
  Content is Copyright Protected