কবিতাৰ কাকনত,
সুমধুৰ সুপাঠ্য শব্দৰ,
তিতা মঠা অনুভৱবোৰ,
আজি এই বিক্ষিপ্ত হৃদয়ত,
কিয় জানো ঢৌ তুলি না-নাচে,
যেন ভাগৰুৱা মোৰ কল্পনা শক্তি।
বহুত দিনৰ পৰা,
যেন লিখিব পৰা নাই,
শাওনত মেঘৰ ধেমালি,
স্ট্ৰেট কৰা ৰঙা চুলিয়েদি,
ৰামধেনু জিলিকা টোপালবোৰ,
তোমাৰ গালেদি বৈ যোৱা অনুপম দৃশ্য।
ৰোমান্টিক কবিয়ে,
যদি সেই দৃশ্য দেখা হ'লে,
কালিদাসৰ মেঘদুতৰ দৰে,
হয়তো মহাকাব্যই লিখিলে হয়,
ৰামধেনুৰ সপ্তৰঙত তোমাৰ বৰ্ণনা,
মই শব্দবিহীন কবিয়ে কেনেদৰে কৰো।
সৰল কাব্যিকতা নথকা,
নিৰস প্ৰেমৰ পৰসত যেন,
অৰ্থ বিহীন শব্দৰে মালা গাথি,
কিনো লিখিম অনুৰ্বৰ কল্পনাত,
ভাবৰ পৰিধিত সাৰংশ লিখিবলৈ যেন,
পানী বিচাৰি মৰুভূমিত লক্ষ্যহীন বিচৰণ।
সুমধুৰ সুপাঠ্য শব্দৰ,
তিতা মঠা অনুভৱবোৰ,
আজি এই বিক্ষিপ্ত হৃদয়ত,
কিয় জানো ঢৌ তুলি না-নাচে,
যেন ভাগৰুৱা মোৰ কল্পনা শক্তি।
বহুত দিনৰ পৰা,
যেন লিখিব পৰা নাই,
শাওনত মেঘৰ ধেমালি,
স্ট্ৰেট কৰা ৰঙা চুলিয়েদি,
ৰামধেনু জিলিকা টোপালবোৰ,
তোমাৰ গালেদি বৈ যোৱা অনুপম দৃশ্য।
ৰোমান্টিক কবিয়ে,
যদি সেই দৃশ্য দেখা হ'লে,
কালিদাসৰ মেঘদুতৰ দৰে,
হয়তো মহাকাব্যই লিখিলে হয়,
ৰামধেনুৰ সপ্তৰঙত তোমাৰ বৰ্ণনা,
মই শব্দবিহীন কবিয়ে কেনেদৰে কৰো।
সৰল কাব্যিকতা নথকা,
নিৰস প্ৰেমৰ পৰসত যেন,
অৰ্থ বিহীন শব্দৰে মালা গাথি,
কিনো লিখিম অনুৰ্বৰ কল্পনাত,
ভাবৰ পৰিধিত সাৰংশ লিখিবলৈ যেন,
পানী বিচাৰি মৰুভূমিত লক্ষ্যহীন বিচৰণ।
❦