⚠️

Switch Language?

Redirecting to Home...

×
Sahitya Sristi Logo
Comments
×
💬
Loading...
জীৱনবোধ!
Facebook
Follow
YouTube
Subscribe

জীৱনবোধ!

তুমিতো কথা দিছিলা ;
য'লৈকে যোৱা এটি ছাঁৰ দৰে 
লগত লৈ যোৱাৰ,সেয়াই প্ৰতিশ্ৰুতি আছিল।

শুনিছো;সৌ সিদিনাখন তুমি,
মহানগৰীলৈ গৈ,সংস্কাৰ খৰিদ কৰিছিলা,
জীৱনটো আচৰ্যকৰ,উফ!ব্যাকৰণিক কত বাধ্যতা।

এই 'হোম চেপিয়েঞ্চ'বোৰক,
বেছিকৈ বিশ্বাস নকৰাটো অতি বুদ্ধিমত্তা,
সিহঁত যে বৰ নিষ্ঠুৰ,'ড'পলগেঙাৰ',নিউৰ'টক্সিন।

মহাজীৱনৰ ছবি এটি আঁকি, 
উজাগৰি নিশা আমানতৰ পৰা বিয়োগ কৰিছিলা,
তত্বগধুৰ শব্দ,'চিগাৰেট'ৰ ধোঁৱালৈ ৰূপান্তৰ হৈছিল।

'ৰিয়েলি',বৰ জটিল আছিল, 
জীৱনৰ,যোগ,বিয়োগ,সেই সৰল অংকবোৰ,
পক্ষপাতিত্ব পৰ্ব পাঠশালাবোৰত শিকোৱা নাছিল।

মাতালৰ 'বমিটিং',ৰহস্যামৃত,
কাহানিও নাহাহোঁ ম‌ই,জীৱনবাদ পাওঁ তাত,
সুদক্ষ 'পাইলটো',জীৱন চলোৱাত ব্যৰ্থ হয় ইয়াত।

সময়ৰ ধামখুমিয়াত আবদ্ধ এতিয়া,
লাহে লাহে উপলব্ধি কৰিব ‌ধৰিছো;বিষয়বোৰ,
প্ৰতিশ্ৰুতি,সেই যাত্ৰা আৰু মানুহৰ জীৱনৰ মূল্যবোধ।


Previous Post Next Post
  Content is Copyright Protected