হৃদয়স্পৰ্শী বিজ্ঞাপন দিছিলা
য'লৈকে যোৱা এটি ছাঁৰ দৰে
লগত লৈ যোৱাৰ,এয়াই প্ৰতিশ্ৰুতি আছিল।
শুনিছো;সৌ সিদিনাখন তুমি,
মহানগৰীলৈ গৈ,সংস্কাৰ খৰিদ কৰিছিলা,
জীৱনটো আচৰ্যকৰ,উফ!ব্যাকৰণিক কত বাধ্যতা।
এই 'হোম চেপিয়েঞ্চ'বোৰক,
বেছিকৈ বিশ্বাস নকৰাটো অতি বুদ্ধিমত্তা,
সিহঁত বৰ নিষ্ঠুৰ,'ড'পলগেঙাৰ',নিউৰ'টক্সিন।
মহাজীৱনৰ ছবি এটি আঁকি,
উজাগৰি নিশা আমানতৰ পৰা বিয়োগ কৰিছিলা,
গধুৰ শব্দবোৰ,'চিগাৰেট'ৰ ধোঁৱালৈ ৰূপান্তৰিত হৈছিল।
সঁচকৈ,বৰ জটিল আছিল,
জীৱনৰ,যোগ,বিয়োগ,সেই হৰণ অংকবোৰ,
পক্ষপাতিত্ব পৰ্ব পাঠশালাবোৰত শিকোৱা নাছিল।
মাতালৰ 'বমিটিং';ৰহস্যময়তা,
কাহানিও নাহাহোঁ মই,জীৱনবাদ পাওঁ তাত,
সুদক্ষ 'পাইলট',জীৱন চলোৱাত ব্যৰ্থ হয় ইয়াত।
সময়ৰ ধামখুমিয়াত আবদ্ধ এতিয়া,
লাহে লাহে উপলব্ধি কৰিব ধৰিছো;বিষয়বোৰ,
প্ৰতিশ্ৰুতি,সেই যাত্ৰা আৰু মানুহৰ জীৱনৰ মূল্যবোধ।।

❦