⚠️

Switch Language?

Redirecting to Home...

×
Sahitya Sristi Logo
Comments
×
💬
Loading...
সপোন আৰু সংগ্ৰাম
Facebook
Follow
YouTube
Subscribe

সপোন আৰু সংগ্ৰাম

মেঘ বৰণে পুৱা পঢ়া টেবুলত পঢ়ি আছে ।
‌যদিও বাৰে বাৰে তাৰ মনটো বহিৰ্মূৱা হৈ অন্যমনষ্ক হৈ পৰিছে। সি বহুবাৰ পঢ়াত মনোযোগ দিবলৈ চেষ্টা কৰিও বিফল হৈ কিতাপ খন বন্ধ কৰি খিড়িকি‌খনৰ কাষত থিয় হ'ল ।
         - - -- কাষৰ ঘৰৰ যিটো কোঠাৰ খিড়িকিত সেউজ‌ বুলীয়া পৰ্দা ওলমি আছে , সেই কোঠাৰ পঢ়া টেবুলত‌ বহি জিতা , মানে অপৰাজিতাই ডাঙৰ ডাঙৰ  কৈ পঢ়ি আছে। মেঘ বৰণ আৰু জিতা একেখন কলেজৰে কমাৰ্চ শাখাৰ শিক্ষাৰ্থী । মেঘৰ বুকুত আঘাত কৰিলেহি জিতাৰ পঢ়া টেবূলৰ পৰা উফৰি অহা শব্দ বোৰে । তাই বেচ ডাঙৰ ডাঙৰ কৈ একোটা বাক্য কেইবাবাৰো আওঁৰাই পঢ়ি আছে - - - ব্যাড মানি ড্ৰাইভচ্ আউট গুড মানি ফ্ৰম  দি মাৰ্কেট - - ব্যাড মানি - - - 
  মেঘে মুৰ দুপিয়ালে , ইয়েচ । বাক্যটো সি মুখৰ ভিতৰতে আওঁৰাই  তাৰ পেণ্টৰ পকেটৰ পৰা এখন চাফা দহটকী‌য়া উলিয়াই চালে । সি কালি পে'ন এটা কিনোতে দোকানী জনক এই নতুন  দহ টকী‌য়াটোৰ সলনি এখন পুৰণি দহ টকীয়া  উলিয়াই দিছিল ।
জিতাই পঢ়ি আছে চিঞৰি চিঞৰি-  - - 
    মেঘে খিড়িকিৰ ওচৰত থিয় হৈয়েই চিঞৰিলে , মা , মা , এইফালে আহা ।
  পুত্ৰ মেঘৰ চিঞৰত দেৱযানীয়ে পাকঘৰৰ পৰা লৰালৰিকৈ ওলাই আহি সুধিলে , কিয় মাতিছ সোন‌?
:  মা , জিতাই কিয় ইমান ডাঙৰকৈ পঢ়িব ? 
দেৱযানীয়ে তাইৰ পুত্ৰক তালুৰ পৰা তলুৱালৈকে চিনি পায় । তাই চিনি পায় মেঘৰ হৃদয়ৰ প্ততিটো উঠা - নমা আৰু বিবেকৰ টনা আঁজোৰা । মেঘৰ অনুভৱৰ সুক্ষ্মতম  কম্পনটিও তাইৰ দৃষ্টিৰ পৰা এৰাই যাব নোৱাৰে । ভিতৰত অতি অভিমানী আৰু আলসুৱা ,বাহিৰত কঠিন আৱৰণৰে আবৃত দেৱযানীৰ একমাত্ৰ পুত্ৰ মেঘবৰণ । তৰপে তৰপে কঠিন আৱৰণৰে আবৃত মেঘৰ হৃদয়ৰ ভিতৰত আছে ফুলতকৈয়ো কোমল এখন হৃদয় , যি কথা দেৱযানীৰ বাহিৰে আনে জনাৰ উপায় নাই । তাই মেঘৰ বুকুত উমলি থকা শিশুটিক চিনি পায় । সেয়ে দেৱযানীয়ে ক'লে , সোন , তই আনৰ কথা চিন্তা কৰি নিজৰ উদ্বেগ নবঢ়াবি । জিতাই ডাঙৰকৈ পঢ়িছে , তয়ো ডাঙৰকৈ পঢ় ।ডাঙৰকৈ পঢ়িলে পঢ়াৰ গুণ দুগুণ হয় বুলি শিক্ষাবীদ সকলে কয় ।
: ঠিক আছে । আজিৰ পৰা ময়ো ডাঙৰকৈ পঢ়ি তাইক ডিষ্টাৰ্ব কৰিম।
কিন্তু দেৱযানীয়ে জানে , তাইৰ ল'ৰাই ডাঙৰকৈ পঢ়াৰ যি দৃঢ়তা দেখুৱাইছে , সেই দৃঢ়তা তাৰ হিয়াৰ কোমলতাই উটুৱাই নিব ।
          যথা সম‌য়ত মেঘ স্নাতক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল । পৰীক্ষাৰ ফলাফলৰ পিছত সি মাকক ক'লে , মা , মই আৰু নপঢ়োঁ ।
: তই আক ' কিয় নপঢ় ?
 : মই ব্যৱসায় কৰিম । কথা কৈ কৈ মেঘে হাতেৰে টকা গণাৰ ভঙ্গী দেখুৱাই মুখৰে  কলে ,  খচ্ খচ্ খচ্ । অৰ্থাৎ সি টকা গণিছে আৰু গণি থকা টকাৰ পৰা খচ্ খচ্ শব্দ বাহিৰ হৈছে । 
দেৱযানীয়ে পুত্ৰৰ ৰসিকতাত হাঁহি হাঁহি ক'লে , সোন , টকা সকলো অনৰ্থৰ মুল । মাকৰ কথাৰ উত্তৰত মেঘে গহীনাই ক'লে , মা , টকা পৰম বন্ধু । আমাৰ টকা থকা হ'লে এসময়ত আমি ইমান কষ্ট নাপালোঁহেতেন... কোনোবাই ডাক্তৰ  হ'ব, কোনোবাই ইঞ্জনিয়াৰ হ'ব , কোনোবাই শিক্ষক হ'ব,   কোনোবাই প্ৰশাসনিক বিষয়া হ'ব .......... ইতিয়াদি। এই সময়ত কিছুমানে বহুত কষ্ট কৰি এবেলা কাম কৰি ভাতো হয়টো পইছাৰ অভাৱত এখাজ খায়ো পঢ়িছে সেই সময়ত কোনেও নাচাই, চবে আওকাণ কৰিব..... সেই কষ্টবোৰ নিজে অকলে  ভুগিব লগীয়া হয় মা কোনেও হয়ভৰ  নিদিয়ে। সফলতা হোৱাৰ দিনা চবেই  খৱৰ  লৱ সেইদিনা মই যেন চেলেব্ৰেটি সৱে শ শ কৃতজ্ঞতা জনাব আজিৰ  সমাজ এনেকোৱাই ।
 মেঘে ব্যৱসায় কৰিম বুলি কোৱাত মেঘৰ সম্ভাব্য কষ্টৰ কথা চিন্তা কৰি দেৱযানীৰ বুকু খন মোচৰ খাই উঠিল ।
   কি কৰিব , কি নকৰিব ভবা চিন্তা কৰোঁতেই  মেঘৰ দুমাহ পাৰ হ'ল । এদিন আবেলি সি কলিজাৰ চট্ ফটনিক মুকলি বায়ুৰে জুৰ পেলাবলৈ বাৰাণ্ডালৈ ওলাই আহোঁতে দেখিলে , ৰাস্তাৰে স্কুটি চলাই জিতা আগুৱাই আহিছে । তাই অলপতে এখন স্কুলত শিক্ষয়িত্ৰী হিচাপে যোগ দিছে । জিতাই তালৈ চাই হাঁহি হাত জোকাৰি চিঞৰিলে , হাই মেঘ - - 
: হাই , মেঘেও হাত জোকাৰি প্ৰত্যুত্তৰ দিলে ।
 - - - - আকৌ জিতা । তাই এইবাৰো তাতকৈ শ- শব্দে আগবাঢ়িছে । নাই , নাই , এইটো হ'ব নোৱাৰে । সি নিশ্চিতকৈ থিৰাং কৰিবৰ হ'ল , তাৰ জীৱিকাৰ উপায় কি হ'ব । মেঘে ক্ৰমে ক্ৰমে আঁতৰি যোৱা জিতালৈ চাই ভাবিলে , সি কোনটো ৰাস্তাৰে আগবাঢ়িব ? মানুহৰ সৰ্বাধিক প্ৰয়োজন খাদ্যই নহয়নে ? খাদ্য ! শতচ্ছিন্ন বস্ত্ৰ পিন্ধিও মানুহ জীয়াই থাকিব পাৰে , চালেৰে জোন তৰা লেখিব পৰা আশ্ৰ‌য়ৰ তলত শুয়ো  মানুহে সুখ নিদ্ৰা উপভোগ কৰি জীয়াই থাকিব পাৰে । কিন্তু নাখায় ? নাখাই মানুহ জীয়াই থাকিব নোৱাৰে । সি স্হিৰ কৰিলে , সি খোৱা বস্তুৰ দোকান দিব । একেবাৰে হট চে'ল হোৱা খাদ্য সামগ্ৰী সি বিক্ৰী কৰিব ।
মেঘে ভিতৰ সোমাই মাকক ক'লে , মা , তোমাৰ হাতত পঞ্চাচ হাজাৰ মান টকা হ'বনে ?
পুত্ৰৰ কথাত দেৱযানীৰ কপালত চিন্তাৰ ৰেখা পৰিল ,  পঞ্চাশ হাজাৰ !
মেঘে মাকৰ মুখৰ ভাবান্তৰ লক্ষ কৰি পুনৰ ক'লে ,  পঞ্চাচ হাজাৰ দিব নোৱাৰিলে ত্ৰিশ‌ মানকে দিয়া । মই বাকী টকা মেনেজ কৰিম ।
দেৱযানীয়ে অলপ ভাবি চিন্তি ক'লে, দেউতাৰৰ পেঞ্চনৰ একাউণ্টত যি টকা আছে , সেই টকা তই ব্যৱসায়ত খটুৱাব পাৰ ।
: হ'ব মা , মই  বাকি টকা ধাৰ কৰিম ।
        - - - সময় আগুৱাৰ লগে লগে মেঘৰ ব্যস্ততা বাঢ়ি আহিল ।‌দেৱযানীয়ে যদি তাক সোধে , তই কি কামতনো ইমান ব্যস্ত ? সি উত্তৰত কয় , সময়ত গম পাবা মা ।
    এৰা , এদিন সময় আহিল । দেৱযানীয়ে গম পালে , মেঘে ' প্লেজাৰ ' নামৰ দোকান এখনৰ  আগ ফালৰ এছোৱা ভাৰা লৈ লুচি আৰু তৰকাৰীৰ দোকান দিছে ।
             বাৰাণ্ডাৰ এফালে চাৰিযোৰ ডেস্ক বেঞ্চ । লগতে থিয়হৈ খোৱাৰ বাবে এখন দীঘল টেবুল । বাৰাণ্ডাৰ আনফালে  দুখন ডাঙৰ কেৰাহিৰ এখনত লুচি ভাজি থকা হৈছে আৰু আন খনত ফুলকৱি , আলুৰ তৰকাৰী উতলি আছে । গৰম ফুলা লুচি আৰু মচলা যুক্ত তৰকাৰীৰ গোন্ধে ৰাস্তাৰে পাৰ হৈ যোৱা মানুহক বেঞ্চত বহিবলৈ হাত বাউল দিছে । মেঘে কেচ কাউণ্টাৰত বহি সকলো ফালে দৃষ্টি বুলাইছে ।
   এমাহ , দুমাহকৈ মেঘে এই ব্যৱসায়ত হাত‌ দিয়া তিনি মাহ হ'ল । এদিন সি জিতাক তাইৰ বান্ধনীৰে সৈতে তাৰ হোটেলৰ আগেৰে পাৰ হোৱা দেখি উৎফুল্লিত হৈ মাতিলে , জিতা , চাহ একাপ খাই যোৱা , আহা ।
     জিতা‌ ৰ'ল । এবাৰ তাই বান্ধৱীৰ মুখলৈ চালে , বান্ধৱীৰ মুখত কোনো‌ অভিব্যক্তি নাই ।‌এইবাৰ জিতাই মুখত হাঁহিৰ জিলিকণি এটি জিলিকাই উত্তৰ দিলে , মেঘ , মই ৰাস্তাৰ কাষত মুকলিকৈ ৰন্ধা একো বস্তু নাখাওঁ। বেয়া নাপাবা । যাওঁ দিয়া ।
         জিতা হঁত নিজ ৰাস্তাৰে আগবাঢ়িল । কিন্তু মুহুৰ্ত্তৰ আগেয়ে অনুভৱ কৰা সুৰ এটি বেসুৰা হৈ মেঘৰ হিয়াৰ চুকে কোণে বিৎপি পৰিল । তাৰ চকুৰ জ্যোতি ম্লান হ'ল । সেমেকা মনৰে সি পুনৰ কেচ কাউণ্টাৰত বহিলহি। পিচ মুহূৰ্ত্ততে টকাৰ খচ খচনিয়ে তাক আগৰ মেঘ নামৰ ল'ৰাটোলৈ সলাই পেলালে ।
          এবছৰ পাৰ  হ'ল । পাখী লগা সময়ে মেঘক এটা দুটাকৈ নতুন পাঠ শিকাবলৈ আৰম্ভ কৰিছে । এতিয়া তাৰ হৃদয়ত ব্যৱসায় , দৃষ্টিত ব্যৱসায় , তেজত ব্যৱসায় । ব্যৱসায়ৰ পৰীক্ষা নিৰীক্ষাৰে জ্ঞান বঢ়া মেঘৰ প্ৰচেষ্টাক গ্ৰাহকে সঁহাৰি জনাইছে । খাদ্যৰ তালিকাত ন - ন সম্ভাৰে আহি লগ দিছেহি ।
               - - - - - সৌৱা মেঘ ।‌ নতুন এক্টিভা এখনৰ  পৰা নামি উৎফুল্ল হৈ থকা মেঘে ঘৰ সোমাই মাকক চিঞৰি চিঞৰি  মাতিছে‌ । লৰালৰিকৈ আহি দেৱযানীয়ে দুৱাৰ খন‌ খুলি দিয়াত সি মাকক সন্তপৰ্ণে দাঙি কেইপাকমান‌ ঘূৰাই পুনৰ সন্তপৰ্ণে মাটিত নমাই ক'লে , মা , ভিতৰলৈ আহা , কথা আছে । মুখত প্লশ্নবোধক চিন লৈ দেৱযানী আহি দ্ৰয়িং ৰুমত বহিল । মাকৰ কাষত বহি মেঘে ক'লে ,  মা , মই কালিলৈৰ‌ পৰা হোটেল খনৰ এটা নতুন কাউণ্টাৰ খুলিম ।  কেৱল মিঠাইৰ । এতিয়া তুমি মুখ খন মেলা ।     দেৱযানীয়ে মুখ খন   মেলিলে আৰু পুত্ৰৰ বাৎসল্য স্বভাৱত সন্তোষৰ হাঁহি এটা মাৰিলে ।
:  এতিয়া তুমি চকু দুটা মুদা  ।
 : কিয় ?
: মুদাচোন ।
পুত্ৰক সন্তোষ্ট কৰিবলৈ দেৱযানীয়ে চকু দুটা মুদি দিলে ।
: এতিয়া চকু মেলি চোৱাঁ ।
 দেৱযানীয়ে চকু মেলি হাতত এখন চেক পালে । চেক খন দেখুৱাই মেঘে ক'লে , এইখন ত্ৰিশ হাজাৰ টকাৰ চেক। তোমাৰ পৰা নিয়া ত্ৰিশ হাজাৰ টকা মই আজি ঘূৰাই দিলোঁ ।
‌দেৱযানী একে সময়তে আনন্দ আৰু দুখত বিহ্বল হ'ল । তাইৰ চকু যুৰিত এসোতা চকুপানীয়ে ভিৰ কৰিলেহি । ধীৰে ধীৰে চকুপানী খিনি বৈ আহি তাইৰ কোলাত পৰিল। 
          দুদিনৰ পিছত মিঠাইৰ দোকান খনৰ শুভাৰম্ভ । বাৰাণ্ডাৰ নতুন কৈ বহলোৱা ঠাই খন ৰজনীগন্ধি আৰু নাৰ্জী ফুলৰ মালাৰে সজ্জিত । মৃদু ভাৱে বাজি থকা এটা সুৰীয়া লহৰ বতাহত ভাঁহি আছে । ৰাস্তাৰ পৰা বাৰাণ্ডালৈকে ভিৰ কৰা নিমন্ত্ৰিত আলহিৰ হাতে হাতে    একো কাপ ধূমায়িত কফি । টেবুলৰ মাজত সুন্দৰ ভাৱে সজোৱা বিবিধ মিঠাই , পকৰী আৰু গৰম গৰম চিংৰা ।  
    মেঘ বৰণে নিমন্ত্ৰিত সকলৰ মাজে মাজে ঘূৰি সকলোকে মাত দিয়াৰ চেষ্টা কৰিছে । সি আজি চখ কৰি পিন্ধা ছাই ৰঙৰ চুট আৰু আকাশী নীলা টাই ডালে তাৰ সৌন্দৰ্য্যক  তুলি ধৰিছে ।
হথাৎ মেঘৰ হৃদয়ৰ তন্ত্ৰী সমূহ সজাগ হৈ পৰিল  । সৌৱা ,জিতা । তাৰ দোকানৰ ফালেই আহি আছে যেন তাৰ অনুমান হ'ল । পাঁচ মিনিটৰ পিছত তাৰ অনুমান সত্য হোৱাত সি তাইক দেখিও নেদেখাৰ ভাও জুৰিলে ।
  : হাই মেঘ । 
এইবাৰ মেঘে চকু ঘূৰাই  জিতালৈ চাই ক'লে , বা: জিতা । তোমাক অনেক ধন্যবাদ  । তুমি আহি আজি মোৰ  দোকানত পদাৰ্পণ কৰিলাহি ।
:   অ । তোমাৰ দোকানৰ কফিৰ সোৱাদ ল'বলৈ আহিলোঁ ।
: মষ্ট ৱেলকাম ।
 আজি মেঘ অতিশয় আনন্দিত । এটা অব্যক্ত আনন্দ । তাকো সঠিক সময়ত । আজি সকলো নিমন্ত্ৰিতৰ মাজত কেৱল জিতা অনিমন্ত্ৰিত , যি জিতাই এদিন তাক মুখ ঘূৰাই কৈছিল ,  মই মুকলি আকাশৰ তলত ৰন্ধা বস্ত নাখাওঁ- - -।
অন্তৰত বৈ থকা আনন্দৰ ধাৰাক বাহিৰত প্ৰকাশ হ'বলৈ নিদি মেঘে জিতাৰ ফালে আগুৱাই আহি সম্ভাষণ জনালে , আহা জিতা । তাৰ পিছত সি মুখত নিশ্চিত বিজয়ৰ হাঁহি এটা প্ৰস্ফূতিত কৰি ট্ৰেৰ পৰা একাপ কফি জিতালৈ আগুৱাই  দি ক'লে , জিতা , মই কফি কাপৰ নাম থৈছোঁ ' বাৰাণ্ডাৰ কফি ' । নামটো তোমাৰ পছন্দ হৈছেনে ?
 জিতাই মেঘৰ কথাষাৰৰ গুঢ়াৰ্থ বুজি কফিৰ কাপটিত কোমল ভাৱে ওঁঠৰ স্পৰ্শ দি , তাতোকৈ কোমল ভাৱে ক'লে , সেই কাৰণেইতো মই আহিছোঁ । মই আনন্দৰে তোমাৰ ওচৰত পৰাজয় বৰণ কৰিছোঁ মেঘ - -  বহুত সময় ধৰি মেঘৰ কাণত বাজি থাকিল সেই সুৰটি , যিটি সুৰৰ সুৰীয়া লহৰে তাক আজি বিশেষ ভাৱে জয়ী কৰি কৈছে , মই আনন্দৰে তোমাৰ ওচৰত পৰাজয় বৰণ কৰিছোঁ মেঘ।             

                

Previous Post Next Post
  Content is Copyright Protected