আগৰ কথাবোৰ বৰকৈ মনত পৰে মই তেতিয়া ষষ্ঠ শ্ৰেণীত নামভৰ্তি কৰিছিলো। এক দুই দিন বিদ্যালয় গৈছিলোহে , এদিন কি হ'ল সেই গাঁৱৰ ল'ৰাবোৰ আহিল আমাৰ ফালে চাইকেল লৈ তিনিজন ল'ৰা আহিলে আমাৰ ঘৰৰ চোতালত চাইকেল ৰাখিলে মই দিনত ঘৰৰ ভিতৰত ইংৰাজী কিতাপ পঢ়ি আছিলোঁ ঘৰত মই, আৰু ভাইটী আছিলোঁ মই ঘৰৰ ভিতৰৰ পৰা উলাই চাই দেখিলোঁ সিহঁত আমাৰ তামোল বাৰীত চৰাই মাৰিবলৈ ইফালৰ পৰা সিফালে চাই আছিলে ।মই সিহঁতক তামোল গছত উঠা দেখা পালো, যেতিয়া মই আহি সিহঁতৰ চাইকেলতো চালো চাই দেখিলোঁ চাইকেল তলামৰা আছে। এতিয়া কি কৰিম,সিহঁতে আমাৰ চোতালত ঘৰৰ সন্মূখত চাইকেল ৰাখি আমাৰ বাৰীৰ চৰাই মাৰিছে সিহঁতে ,পৰুৱাৰ পৰা চৰাই- চিৰিকটি জীৱ- জন্তু সকলোকে মৰম কৰিছিলোঁ এতিয়াও কৰো । বহুত মৰম লাগে যেতিয়া পৰুৱা গোট সোৱা দেখিলেও ৰ লাগি চাও ডাঙৰ পৰুৱাবোৰ দেখিলে ৰজা- ৰাণী বুলি ভাৱো পৰুৱাৰ মিলা-প্ৰিতিবোৰ দেখিলে বহুত ভাল লাগে এজনে আনজনৰ লগত মিলি-জুলি থাকে, চাবচোন এটা পৰুৱা মাৰিলে কিমান পৰুৱা আহি উঠাই লৈ যায়। প্ৰাণী বুলি কলে গাইজনীয়ে সদায় গাখীৰ দিয়ে কিন্তু এদিন গাইজনীয়ে গাখীৰ নিদিয়ে আমি কিয় দিয়া নাই, কিবা বেমাৰ হৈছে নেকি সেইটো নাচাও কিয় গাখীৰ দিয়া নাই বুলি পিটো তাৰো মন থাকে তাৰো অন্তৰ কান্ধে চকু পানী তাৰো ওলাই আমি কিয় এই কথাটো নাভাবো মোক কিন্ত বহুত বেয়া লাগে গাই জনী যদি কান্দে, মোৰো চকু পানী ওলাই যায়।
ভাইটিক মাতিলো আহাঁ ভাইটি মই অকলে নোৱাৰিম তুমি আৰু মই হৈ সিহঁতৰ চাইকেলটো আমাৰ ৰাস্তাৰ আগত ৰাখিম বুলি কলো ভাইটী আহিলে মই আৰু সি হৈ যেনে তেনে চাইকেল চুচৰাই- বগৰাই ৰাখিদিলো মই ভাৱিলো ইহঁতৰ চাইকেল পামচাৰ কৰি দিম বুলি এটা গজাল লৈছিলোঁ এনে টায়েৰ ওপৰত ঘূচা নিচিনা কৰিলো
এনে টো নহয়ে ভাইটিয়ো আছে মোৰ ওচৰত তেতিয়া মই চাইকেলৰ পাম খুলি দিলোঁ তাৰ পিছত সিহঁত বাৰীৰ পৰা উলাই আহিল মই ভাইটিক লাহেকৈ কলোঁ সিহঁত আহিলে মই পাম খুলি দিয়া কথা নকবি, কি হ'ল, সিহঁত আহিল আমি দেখাপালো তহঁতে চাইকেল লৈ যোৱা বুলি কলে,
চাইকেল্ কোনে পামচাৰ কৰিলে বুলি হালা কৰিলে , খুৰাৰ ঘৰৰ বিটু কুকুৰটোৱে ভোকা মাৰিলে বাইদেউ আহিলে, ভায়টিক সুধিলে ভাইটিয়ে আমাৰ কথা সকলো কৈ দিলে ।আনকি মই পাম খুলিছিলো সিহঁতক গজালেৰে ঘূচি দিয়া বুলি কৈ দিলে, সিহঁতে মোক কলে ৰ তই বিদ্যালয় যাওঁতে ৰ তোক মাৰ্তলেৰে তোৰ মাথা ফুতাম বুলি কৈ গ'ল।
বাইদেউৱে মোক বাহঁৰ জেউৰাৰে তিনি চাৰি লাঠি মাৰিলে তেতিয়া মাঁ আহি পালে সেইটো কথা শুনিলে মায়েয়ো আকৌ কেইবা লাঠি মাৰিলে মোৰ অৱস্থা পুৰা কান্ধা কটা হৈ গ'ল। কি কম আৰু আচলতে মই কোনো চৰাইৰ মাকৰ সন্তানক কোনেও আহি কাঢ়ি নিনিয়ে আৰু কোনো চৰাইৰ সন্তানেও মাকৰ অভিহনে যাতে নাথাকে,চৰাইৰ মৰমৰ চেনেহৰ কাৰণে এইটো হৈছিল।
সিহঁতৰ ভয়ত পিছদিনাখন মায়ে মোক চাইকেলত স্কুল থবলৈ যায় ।
মৰম চাগে এনেকুৱাই 😇
সঁচা কাহিনী
❦