জন্মৰ সাৰথি
মোৰ পিতৃ - মাতৃ,
খোজে খোজ মিলাই
আগুৱাই নিয়া মোৰ আই জন্মদাত্রী।
এপলক - দুপলক কৰি হ'লো মই ডাঙৰ,
চিনাকী অচিনাকী মুখবোৰ হ'ল মোৰ
অচিন সাৰথি জীৱনৰ।
অতীত সামৰি সপোনৰ দিশে
অন্তৰৰ মিলন হ'ল প্ৰেমৰ মায়াৰে।
কৰিলোঁ সাৰথি অন্তিম ক্ষণৰ,
সিদ্ধান্তই কৰিলে বিপদ গুছি গ'ল
আধৰুৱা হৈ সাৰথি মোৰ জীৱনৰ।
খোজে প্রতি বিন্ধে হুলে প্ৰগতিৰ বাটত,
ঘাম টুকি ভাগৰা নাই আশাৰ দুৰ্গম পথত।
হাঁহি মুখে সফল মই ধন্য সকলো সাৰথিক,
অহিত চিন্তা কষ্টৰে বলাব নোৱাৰিলে মোক কোনো অচিন দাম্ভিক, পুনৰ পৰিছোঁ চৰণত
মোৰ আই জন্মদাত্ৰীৰ।
❦