⚠️

Switch Language?

Redirecting to Home...

×
Sahitya Sristi Logo
Comments
×
💬
Loading...
জোনাক ৰাতি
Facebook
Follow
YouTube
Subscribe

জোনাক ৰাতি

জোন,
তুমি মোৰ জীৱনৰ অমাবস‍্যা নহ’বা,
চন্দ্ৰাৱলী নিশাৰ পূৰ্ণিমাৰ তৃষ্ণা হৈ ৰ’বা।

নিৰব নিশাৰ এন্ধাৰ ভয় নকৰো,
বিসাদৰ লগত মোৰ পৰিচয় বহু দিনৰ।

নিসংগতাই আমনি নকৰে মোক,
তুমিতো আছা ন’ এক চন্দ্ৰ  হৈ?

তুমি আহিবা বুলি জোনাকী পৰুৱাৰ উন্মাদনা,
শিয়ালীৰ চিঞৰ শুনি সাৰ পালো, 
এয়া কি সপোন নে দিঠক!

তেনেতে সূৰ্য‍্য উদয়ে ৰাতি পুৱা কুৱলী ভাঙি
এন্ধাৰৰ আৰ্তনাদ গোছাই। 

এতিয়া সুপ্ৰভাতৰ অপেক্ষা মাথো সুভ সন্ধ‍্যাৰ।
আকৌ ৰাতি হ’ব, জোনাক ৰাতি!

Previous Post Next Post
  Content is Copyright Protected