⚠️

Switch Language?

Redirecting to Home...

×
Sahitya Sristi Logo
Comments
×
💬
Loading...
সপোন
Facebook
Follow
YouTube
Subscribe

সপোন

সপোন মানে কি?

এটা হৈছে টোপনিত দেখা সপোন,
যিটো সপোন কেতিয়াও
বাস্তৱ কৰিব নোৱাৰি

আনটো হৈছে টোপনিত মগন্ন হৈ
শুভ নিদিয়ে..

যিটো আমাৰ মন মগজুয়ে
সপোন বাস্তৱ কৰাত লাগি ধৰে....

মোৰ আশা আৰু সপোন
সেই দূৰন্তৰ আকাশ চুবলৈ,
পাৰিম জানো ?

তাইৰ সপোন আছিল
প্ৰশাসনিক বিষয়া হোৱা..

পাৰিম জানো ?
মই দুখীয়া দুৰ্ভগীয়া ছোৱালী

চোৱানা মোৰ লগত কোনেও
মাত এখাৰও মাতিবলৈ লাজ কৰে ।

মোৰ ফটা চিঘা কাপোৰ আৰু
মোৰ চেন্ডেল ডাল চিঘা তাতেই পিন মাৰা দেখি।

পাৰিম জানো?
মই চবেই সুন্দিয়াই দিয়া,
বুকুৰ আঘাতক মচিবলৈ।

মোৰ আশা আৰু সপোন
সেই দূৰন্তৰ আকাশ চুবলৈ,

পাৰিম জানো?
মই প্ৰশাসনিক বিষয়া হবলৈ,
দেখাত একেবাৰে বেয়া ছোৱালী?

পাৰিম জানো ?
এই জীৱন যুদ্ধত অকলশৰে যুঁজিবলৈ,

পাৰিম জানো?
শূণ্যৰ পৰা দূৰন্তৰ আকাশ চুবলৈ,

পাৰিম জানো?
মই প্ৰশাসনিক বিষয়া হৈ
সকলোকে সমান অধিকাৰ দিবলৈ ,

পাৰিম জানো?
মই দুখীয়াক সহায় কৰিবলৈ,

পাৰিম জানো? দুখীয়াক ঘৰ, অন্ন-বস্ত্ৰ দি,
সকলোকে সমান অধিকাৰ দিবলৈ,

পাৰিম জানো?
কান্দি থকা মানুহৰ মুখত হাঁহি বিৰিঙাবলৈ,

পঢ়িব নোৱাৰা মানুহক
নাম ভৰ্তি কৰি পঢ়াবলৈ।

পাৰিম জানো? মোৰ নামৰ আগত
IAS শব্দটো জোৰা লগাবলৈ।

Previous Post Next Post
  Content is Copyright Protected