⚠️

Switch Language?

Redirecting to Home...

×
Sahitya Sristi Logo
Comments
×
💬
Loading...
মই জুবিন
Facebook
Follow
YouTube
Subscribe

মই জুবিন

মই জুবিন মই ভাগৰুৱা নাই,
মোক ভাগৰাই পেলাইছে,

জীয়াই থাকিবলৈ মোৰ ও মন আছিল,

কিন্তু ইহঁতে মোক ভাগৰাই উল্লাসিত,

মই সেই সাগৰ তলিত
নামিব বিচৰা নাছিলোঁ ধেই

ইহঁতে মোক ঠেলি দিম নেকি
যা যা বুলি পঠিয়ালে

মই কিবা কবলৈ চেষ্টা কৰি আছিলো,

কিন্তু ইহঁতে শুনিবলৈ প্ৰয়াস নকৰিলে,

আপোন মোৰ বন্ধু বুলি
সকলো উদঙাই দিছিলো,

তাৰ পিছতো মই ভাগৰুৱা সময়ত
আপোন বিচাৰি নাপালো,

আপোনালোকে কাকো বিশ্বাস নকৰিব দেই

মোক বন্ধুৱে শেষ কৰি পেলাইছে

ছবিত দেখা পাইছে আপোনালোকে,

মই কিমান ভাগৰি গৈছিলো,

কিবা এটা কবলৈ বিচাৰি আছিলো,

মই ধেমালি সুৰেৰে কোৱা মোৰ কথা
কোনেও নুশুনিলে, কাকনো শুনাম আৰু ধেই

নাজানো মোৰ কত কি ভূল হল,

জীয়াই থাকিবলৈ খুবেই হেঁপাহ আছিল,

আৰু জীয়াই থাকিব পাৰিলোঁহেঁতেন,

যদি হে মোৰ লগত মই ভবাৰ দৰে
কোনোবা আপোন থাকিলেহেঁতেন।

Previous Post Next Post
  Content is Copyright Protected