নৱবৰ্ষৰ প্ৰথম ৰেঙণিত,
হেঙুলীয়া সূৰ্যৰ মুখত হাঁহিৰ মালিতা,
যেন মৰমৰ সোণালী পানীৰে ধোৱা,
সকলোৰে মনৰ দাপোণত পৰিছে জিলিকি থকা।
জানুৱাৰীৰ নিয়ৰ শীতল পুৱা,
বতাহে আনক শুদ্ধতা
প্ৰতিটো শ্বাসতে লাগে যেন
নতুন আশাৰ কৰুণ ন
সময়ৰ দলংয়েদি আহে,
প্ৰীতি আৰু শুভেচ্ছাৰে ভৰা,
সেউজীয়া বোৰ নন আশা,
হেঁপাহৰ উপহাৰেৰে সজ্জিত।
উৎসৱৰ মাদকতা, আনন্দৰ সঁফুৰা,
প্ৰতিটো হৃদয়তে জ্বলাই তোলে,
এক নতুন প্ৰভাতৰ সপোন,
য’ত মিলনৰ গীত গায় প্ৰকৃতিৰ বনবোৰে।
ডাষ্টবিনৰ আৱৰ্জনা, শূন্যতকৈও কম,
কিন্তু নৱবৰ্ষই কঢ়িয়াই আনক,
সমাজৰ পৰা হিংসা, সন্ত্রাস, ধর্ষণ,
কালিমাৰ গ্লানি ভাঙি দিয়াৰ মন্ত্ৰবোৰ
সকলোৱে যাতে মিলা প্ৰিতিৰে থাকে,
তুমি হওক শৰতৰ শেৱালি,
জোনাকৰ দলিচাত সুবাস বিলোৱা,
ফাগুনৰ পছোৱাহৈ কঢ়িয়াই আন,
আশাৰ বতৰা, শান্তিৰ গান।
আমাৰ জীৱনলৈ ৰঙীন কিৰণ,
কঢ়িয়াই আনক শান্তিৰ বাৰ্তা,
প্ৰতিটো পলতে যেন পোৱা যায়,
মৰমৰ উষ্মা, মানৱতাৰ সত্য।
নৱবৰ্ষ, তুমি হওক প্ৰতিবিম্ব,
যি প্ৰতিফলিত কৰে সকলোৰে হৃদয়,
য’ত নাই অন্ধকাৰ, নাই ভয়,
কিন্তু আছে মিলনৰ জ্যোতি, আছে জয় গান।
এই নতুন বছৰে হওক,
মনৰ বাগিচাত ফুলাৰ পৰিচয়,
প্ৰতিটো পদক্ষেপতে থাকক,
আশাৰ সঞ্চাৰ, শান্তিৰ সঞ্চয়।
ৰঙীন কিৰণেৰে ভৰি উঠক আমাৰ জীৱন,
য’ত মিলনৰ গীত, য’ত আছে শান্তি,
য’ত আছে সকলোৰে মাজত মৰমৰ বৰণ।
স্বাগতম নৱবৰ্ষ
❦