সপোনবোৰ যদি
সঁচা হল হেতেন,
পৃথিৱীত অধৰ্ম
নাথাকিল হেতেন l
সপোনবোৰ যদি
সঁচা হল হেতেন,
সমাজখন বিভাজিত
নহলে হেতেন l
উচ্চ-নীচ
ধনী দুখীয়াৰ প্ৰভেদ
নাথাকিলে হেতেন l
সপোনবোৰ যদি
সঁচা হলহেঁতেন,
সন্ত্ৰাসবাদ
নাথাকিলে হেতেন l
গুলী বাৰুদ আৰু
তেজৰ চেকুৰা
নেদেখিলো হেতেন ll
হিংসা-দন্দ্বৰ বেৰ
ভাগি পৰিল হেঁতেন,
শান্তিৰ বতাহজাকে
সকলোকে নচুৱালে হেঁতেন ll
সপোনবোৰ যদি
সঁচা হলহেঁতেন
ফুটপাথৰ সংগ্ৰাম
নাথাকিলে হেতেন l
ভোকৰ তাড়নাত গোলামি
নাখাটিলে হেতেন ll
সপোনবোৰ যদি
সঁচা হলহেঁতেন
ৰজাই ৰাইজক
ননোছুৱালে হেতেন l
ৰাইজও বিক্ৰী
নহলে হেতেন ll
সপোনবোৰ যদি
সঁচা হলহেঁতেন
লাচিতে মোমায়েকক
নাকাটিলে হেতেন,
শৰাইঘাটৰ যুদ্ধত
নিজিলিকে হেতেন l
জয়মতীয়ে প্ৰাণ
নিদিলে হেঁতেন l
বদন ৰূপী কোনো
নাথাকিলে হেঁতেন ll
সপোনবোৰ যদি
সঁচা হলহেঁতেন,
অসমত অসমীয়া
আজি ভগনীয়া
নহলে হেঁতেন l
ভাষা আৰু সাংস্কৃতি
বেপেৰুৱা নহলে হেঁতেন ll
সপোনবোৰ যদি
সঁচা হলহেঁতেন,
উদাসীনতা
নাথাকিলে হেতেন l
মানৱতা নেহেৰুৱে হেঁতেন ll
সপোনবোৰ যদি
সঁচা হলহেঁতেন ...
সপোনবোৰ যদি সঁচা হলহেঁতেন
❦