মই নাজানো মই ক'ত হেৰাই আছোঁ..
নি:শব্দ নিজৰ কামত ব্যস্ত
নিজতে হেৰাই আছোঁ
কাৰোৱে লগত কথা নাপাতো
স্বাৰ্থপৰ মানুহৰ পৰা আঁতৰি গৈছো
কাকো ভাল নালাগে..
মোক ভিৰৰ মাজত
খোজ কাঢ়িব ভাল নালাগে..
পিছফালৰ পৰা চেন্দেল গচকি উজুটি খোৱাই দিয়া
মানুহ বহুত দেখিছোঁ বাবে মই নীৰৱে থাকো..
মই নাজানো মই ক'ত হেৰাই আছোঁ
সুখত আছোঁনে ? দুখত আছোঁ একো ধৰিব নোৱাৰো
মাথোঁ সদায় হাঁহিমুখে থাকিব প্ৰয়াস কৰো,
হাঁহি এটি পিন্ধিলে অনেক হাঁহি বিয়পিব বুলি...
মই নাজানো মই ক'ত হেৰাই আছোঁ..
যেতিয়া ঘন আন্ধাৰে আৱৰি আহে
অকশৰীয়া হৈ অনূভূতিহীন হৈ পৰো...
তথাপিও মই ভয় নকৰোঁ
এখোজ এখোজ আগবঢ়াই পোহৰৰ দিশলৈ যাবলৈ
মই নাজানো মই ক'ত হেৰাই আছোঁ..
মোৰ হাবিয়াস সেই
দুৰন্ত আকাশ চুবলৈ
মোৰ লক্ষ্যত উপনীত হৈ
বিশাল জগত জিনিবলৈ।
❦