⚠️

Switch Language?

Redirecting to Home...

×
Sahitya Sristi Logo
Comments
×
💬
Loading...
আধৰুৱা সপোন
Facebook
Follow
YouTube
Subscribe

আধৰুৱা সপোন

আধৰুৱা সপোনৰ ৰেঙণিত বিলীন হৈ,
বুকুৰ গহ্বৰত জ্বলি উঠে এক অজান জুই।
যি জুইয়ে নিদিয়ে জিৰণি, নিদিয়ে শান্তি,
কিন্তু কঢ়িয়াই আনে বসন্তৰ বতাহৰ সুবাস,
আৰু সেই সুবাসে আকাশৰ নীলক পৰশ কৰে,
যেন প্ৰথম বৰষুণৰ টোপালত সাঁচৰি থকা
এক নিখুঁত চিঠি— “জীয়াই থাকিবলৈ”।

আধৰুৱা সপোন, তুমি মোৰ প্ৰতিটো শ্বাস,
যেন নদীৰ মাজত বহুৱা ঢৌৰ গল্প,
কেতিয়াবা শান্ত, কেতিয়াবা উচ্ছল,
কিন্তু সদায় বহি থকা, কেতিয়াও নেহেৰোৱা।
তুমি মোৰ চকুত জিলিকি থকা সেই চাৱনি,
যি চাৱনিয়ে মোক কৈছিল— “উঠ,ৰ দৃঢ় হ’বা”,
যেন প্ৰত্যেক ৰাতিৰ অন্ধকাৰত
এক প্ৰজ্বলিত তৰা হৈ জ্বলি উঠিবা।

মনে পেলাওঁ সেই দিনবোৰ,
যেতিয়া মাৰ হাতৰ উষ্মতাত
মোৰ সৰু পৃথিৱীখন আছিল নিৰাপদ,
দেউতাৰ চকুত জিলিকিছিল গৌৰৱৰ জ্যোতি,
আৰু মোৰ হৃদয়ত আধৰুৱা সপোনে
এটা বীণা বজাইছিল— “মই কৰিম, মই হ’ম”।
সেই বীণাৰ সুৰে মোৰ বুকুৰ গহ্বৰত
এটা নতুন পৃথিৱীৰ সৃষ্টি কৰিছিল,
য’ত প্ৰতিটো খোজেই আছিল এক প্ৰত্যাশা,
আৰু প্ৰতিটো আশাই আছিল এক প্ৰতিশ্ৰুতি।

আধৰুৱা সপোন, তুমি মোৰ কৰ্মৰ সাৰথি,
যেতিয়া চাকৰিৰ পৰীক্ষাত বিফল হ’লো,
যেতিয়া সমাজৰ ভিৰত মই অকলশৰীয়া,
তুমি মোৰ মনৰ দৰ্জাত টোকৰ মাৰিলা,
“উঠ, আকৌ চেষ্টা কৰ, তুমি হ’বা জয়ী”।
তোমাৰ সেই কোমল মৰমে মোৰ দুখৰ পাহাৰ
এক মুহূৰ্ততে ধূলিৰ মৰ্তে পৰিণত কৰিলে,
আৰু মোৰ ভিতৰৰ জোৱাৰ ভাটি
পুনৰ বৈ উঠিল নতুন শক্তিৰ সাগৰ।

আধৰুৱা সপোন, তুমি মোৰ কবিতাৰ ছন্দ,
যি ছন্দত লিখা হয় জীৱনৰ প্ৰতিটো অধ্যায়,
য’ত আছে মাৰ হাঁহি, দেউতাৰ গৌৰৱ,
য’ত আছে বন্ধুত্বৰ মাজে মাজে পোৱা স্নিগ্ধতা,
য’ত আছে মোৰ নিজৰ প্ৰতিবিম্ব,
যি প্ৰতিবিম্বই কৈছে— “তুমি অনন্য”।

এনেকেই আগুৱাই যাওঁ,
আধৰুৱা সপোনৰ সঙ্গীতত মুগ্ধ হৈ,
প্ৰতিটো দিনৰ সন্ধিয়াৰ বেলিৰ ৰেঙণিত,
তোমাৰ নাম লিখি যাওঁ মোৰ হৃদয়ৰ পাতত,
য’ত থাকিব তোমাৰ অম্লান সৌন্দৰ্য,
য’ত থাকিব মোৰ অকান্ত চেষ্টা,
য’ত থাকিব সেই আশা— “এক দিন হ’ব,
আধৰুৱা সপোন পূৰ্ণ হ’ব,ৰ”।

আধৰুৱা সপোন, তুমি মোৰ জীৱনৰ গান,
সেই গান গাওঁ মই অনন্তকাল ধৰি,
যেন প্ৰতিধ্বনি হৈ বাজি থাকিব
মোৰ আৰু তোমাৰ মাজৰ অদৃশ্য বন্ধন।

Previous Post Next Post
  Content is Copyright Protected