⚠️

Switch Language?

Redirecting to Home...

×
Sahitya Sristi Logo
Comments
×
💬
Loading...
মোৰ সীমাহীন যাত্রা
Facebook
Follow
YouTube
Subscribe

মোৰ সীমাহীন যাত্রা

নাও লৈ ভটিয়াই যাবলৈ
মই কোনো নাৱৰীয়া নহয়

কিন্তু সময়ো যে কি ব্যতিক্রম
মেলি দিছো জীৱন নদীত মোৰ পালতৰা নাঁও।

নাজানো মোৰ লক্ষ্য স্থান কি কলৈ যাম,
কি পাম একোয়ে নাজানো

মই ভটিয়াই গৈছো
মাথো সীমাহীন নৈখনেৰে।

বর্ণিল নীলা আকাশখন চুই চোৱাৰ
মোৰ যে দুৰন্ত হেঁপাহ পাৰিম জানো কাহানিবা...

হাত মেলি আকাশ চুমিব পাৰিম জানো
দুৰন্ত হেপাহক নাইকিয়া কৰি পেলাব....

জানো, সেই দুৰন্ত হেপাহক
এদিন সময়ে সুযোগ দিব

হয়তো সেই আশাতে নাওঁ মেলি দিছো
ভটিয়াই যাবলৈ মোৰ সীমাহীন যাত্রা।

এদিন আকাশ চুমাৰ মন মোৰ....

ডেউকা মেলি উৰিম মুক্ত আকাশত....।

Previous Post Next Post
  Content is Copyright Protected