⚠️

Switch Language?

Redirecting to Home...

×
Sahitya Sristi Logo
Comments
×
💬
Loading...
নৱ বৰ্ষ
Facebook
Follow
YouTube
Subscribe

নৱ বৰ্ষ


উত্তৰ আধুনিকতা বাদৰ গতিশীল পৃথিৱী,
ধামখুমীয়াত বিজ্ঞান-প্ৰযুক্তি,
কৰ্ম ব্যস্ত জীৱনৰ চাকনেৈয়াত ঘূৰি-ফুৰে সময়বোৰ!
উৰণীয়া ৰঙীন পখিলাৰ দৰে আকাশে-বতাহে।

পৃথিৱীখন খলা-বমা যদিও ভূগোলৰ ধৰ্ম একেই,
ঘূৰি থাকে অহৰ্নিশে।
পাৰ্থক্য মাথোঁ প্ৰাপ্তি-অপ্ৰাপ্তিৰ,
কোনোবাই বোৱাইছে আনন্দৰ বন্যা,
নৱ জাতক নিষ্পাপ শিশুৰ ভূমিষ্ঠ আগমনৰ তালে-তালে;
ইকাণ-সিকাণ মাত্ৰ মোবাইল এন্ড্ৰইড---
ভাঁহি আহে ৰঙীন খিলিকনিৰ শব্দবোৰ,
"হেৰি! মাইনা এজনী পালোঁ নহয়!"

আকৌ, কাৰোবাৰ হৃদয় ভঙা চিৎকাৰ!
প্ৰিয়জনক হেৰোৱাৰ তাড়নাত!
হুক-হুকাই কান্দে বুকুখন!
সেই উদণ্ড বাইকাৰোহী কথা নকলোৱেই বা!
কিন্তু বেচেৰা নিৰ্দোষী পথিক জন?
এয়াই নেকি নৱবর্ষৰ শুভেচ্ছা?
নে উন্মাদনা আৰু বলিয়ালি,
বনভোজৰ ৰাগী পণ্যৰ আঁৰে-আঁৰে!

বাইশ এপ্ৰিলৰ পেহেলগামৰ বৰ্বৰতা,
প্ৰত্যুত্তৰ! অপাৰেশ্যন সেন্দূৰৰ সফলতা!
বাৰ জুন! আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনা!
উনৈশ চেপ্তেম্বৰ!!! অসমী আইৰ মুকুতা! হেৰাই গ'ল!
ছিংগাপুৰৰ অটল গহ্বৰত!
মন যায় হেনো সাগৰ তলিত শুবলৈ!!!

তথাপিও কৈছোঁ সদৌটিলৈ,
জীৱনটো ফুলি উঠক পদুম পাহিৰ দৰে,
থাকক মল-মলাই তগৰৰ লেখীয়াকৈ,
শান্তিৰে উৰি ফুৰক এজাক কপৌৰ নিচিনাকৈ,
ৰঙীন হওক সৰ্বত্ৰে ৰামধেনুৰ দৰে,
যাচিছোঁ হৃদয়ৰ দুটা শব্দ--
নৱবৰ্ষৰ শুভকামনাৰে------।


Previous Post Next Post
  Content is Copyright Protected